ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিৱসাগৰ জিলাত ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি

শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত সব্যসাচী কাশ্যপে এক নিৰ্দেশযোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা মীন নীতি, ১৯৫৩ আৰু অসম মীন নীতি, ২০০৫ অনুসৰি সমগ্ৰ শিৱসাগৰ জিলাতে বলৱৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তদুপৰি এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা হেতুকে এই সময়ছোৱাৰ ভিতৰত ৰৌ, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া আদি প্ৰজাতিৰ কণী থকা মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই আদেশ তৎকালীনভাৱে বলৱৎ হোৱাকৈ ৬০ দিনলৈ বা পৰৱৰ্তী আদেশ জাৰি নকৰালৈকে বাহাল থাকিব। এই আদেশ উলংঘা কৰাসকলক ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তি বিহা হ’ব বুলি জিলাখনৰ জনসংযোগ বিষয়াই জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।