May 2, 2024 6:51 PM

views 22

শিৱসাগৰ জিলাত ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি

শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত সব্যসাচী কাশ্যপে এক নিৰ্দেশযোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা মীন নীতি, ১৯৫৩ আৰু অসম মীন নীতি, ২০০৫ অনুসৰি সমগ্ৰ শিৱসাগৰ জিলাতে বলৱৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তদুপৰি এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা হেতুকে এই সময়ছোৱাৰ ভিতৰত ৰৌ, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া আদ...