কেন্দ্রীয় কৃষি, কৃষক কল্যান আৰু গ্রামীন বিকাশ মন্ত্রী শিৱৰাজ সিং চৌহানে কৈছে যে পূৰ্বৰ এম জি এনৰেগা আঁচনিত থকা আসোঁবাহসমূহ দূৰ কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী কৰিছে। আজি উত্তৰাখণ্ডৰ গৌচৰত ৰাজ্যিক কৃষক দিৱস ২০২৫ অনুষ্ঠানত ভাষণ দি শ্রীচৌহানে কয়, যে পূৰ্বৰ আঁচনিখনে এশ দিনৰহে নিশ্চিত নিয়োগ প্রদান কৰিছিল আৰু নতুন আইনে এই নিশ্চিত ১২৫ দিনলৈ বৃদ্ধি কৰিলে। উল্লেখযোগ্য যে বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অর্থাৎ জি ৰামজি আইনে ৰাজ্যসমূহক ১৭ হাজাৰ কোটি টকা আবণ্টন দিছে। এই আইন ২০ বছৰ পুৰণি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চয়তা আইন- এমজিএনৰেগা, ২০০৫-ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় স্টেট বেংক- এছ বি আইৰ এটা গবেষণা প্রতিবেদন অনুসৰি এই আইন কার্যকৰী হোৱাৰ ফলত ৰাজ্যসমূহত পুঁজিৰ বিতৰণ অধিক উন্নত হ’ব। এই প্রতিবেদনত প্রকাশ পোৱা মতে এমজিএনৰেগাৰ সংশোধন আৰু নৱীকৰণৰ জৰিয়তে বিকশিত ভাৰত জি ৰামজিয়ে উন্নয়নৰ যাত্ৰাৰ ৰূপান্তৰমূলক ব্যৱস্থা আৰু কৌশলসমূহ সংহত কৰি তুলিব। এই আইনৰ দ্বাৰা প্ৰতিযোগিতামূলক প্রকল্প চিনাক্তকৰণ, উৎপাদনশীল সম্পদ সৃষ্টি, উপার্জন বৃদ্ধি আৰু দক্ষ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এছ বি আইৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড° সৌম্যকান্তি ঘোষৰ নেতৃত্বত যুগুত কৰা এই প্রতিবেদনত বিকশিত ভাৰত জিৰামজি আইনে নিয়োগ সৃষ্টি ব্যবস্থা শক্তিশালী কৰাৰ দিশত থকা পূর্ব দুর্বলতাসমূহ আঁতৰ কৰাৰ লগতে সমগ্র প্রক্রিয়াটোক স্বচ্ছ, পৰিকল্পিত আৰু প্ৰতিটো পর্যায়ত জবাবদিহি কৰি তুলিব। উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশনত দুয়োখন সদনে বিকশিত ভাৰত জি ৰামজি বিধেয়ক গৃহীত কৰিছিল আৰু ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে এই বিধেয়কত অনুমোদন জনোৱাৰ পাছতে আইন হিচাপে কার্যকৰী হৈছিল।
Site Admin | December 29, 2025 8:19 PM | Sivraj Singh Chouhan
এম জি এনৰেগা আঁচনিত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত জি ৰাম জি আইন কার্যকৰী