কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ বাবে এটা ম’বাইল এপ মুকলি কৰে। এই এপটোৱে সহজসাধ্য পথ নিৰ্দেশনা, আধাৰৰ জৰিয়তে পঞ্জীয়ন আৰু শেহতীয়া তথ্যসমূহৰ বিষয়ে পৰীক্ষাৰ্থীক অৱগত কৰিবলৈ সঠিক সময়ৰ জাননীকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰিব। কর্মসংস্থাপন, দক্ষতা আৰু সুযোগৰ সম্প্ৰসাৰণৰ বাবে প্রধানমন্ত্ৰীৰ ৫ খন আঁচনিৰ পেকেজ প্ৰৱৰ্তনক বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। তেওঁ জোৰ দি কয়, যে প্রধানমন্ত্ৰীৰ ইণ্টাৰ্নশ্বিপ আঁচনি- শ্ৰেণীকোঠাৰ শিক্ষণ আৰু উদ্যোগসমূহৰ প্ৰত্যাশাৰ মাজৰ ব্যৱধান হ্ৰাস কৰাত সহায়ক হ’ব, যাৰ ফলত যুৱক-যুৱতীসকলৰ নিয়োগ যোগ্যতা বৃদ্ধি পাব। বিত্তমন্ত্ৰী শ্ৰী সীতাৰমণে এই আঁচনিৰ ক্ষেত্ৰত উদ্যোগসমূহৰ সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়। কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী হর্ষ মালহোত্রাই কয়, যে পি এম আই এছ এপ মুকলিয়ে যুৱক-যুৱতীসকলৰ মাজত ইণ্টাৰ্নশ্বিপৰ সুযোগ বৃদ্ধি কৰিব ।
প্রধানমন্ত্রী ইণ্টাৰ্নশ্বিপ আঁচনিখন ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা হৈছিল। এই আঁচনিৰ লক্ষ্য হৈছে ৫ বছৰৰ ভিতৰত দেশৰ শীৰ্ষ ৫০০টা কোম্পানীত এক কোটি যুৱক-যুৱতীক ইণ্টাৰ্নশ্বিপৰ সুবিধা প্ৰদান কৰা৷ এই আঁচনিৰ অধীনত বিগত অক্টোবৰত এক লাখ ২৫ হাজাৰ ইণ্টাৰ্নশ্বিপৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে পাইলট প্রকল্প আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত ৭৪৫ খন জিলাৰ এক লাখ ২৭ হাজাৰৰো অধিক যুৱক-যুৱতীক ২৫ টা বিভিন্ন খণ্ডত ২৮০ টা কোম্পানীয়ে ইণ্টাৰ্নশ্বিপৰ সুবিধা প্ৰদান কৰিছিল। চলিত বৰ্ষৰ জানুৱাৰীত দ্বিতীয় পৰ্যায়ত প্রায় ৩২৭ টা কোম্পানীয়ে এক লাখ ১৮ হাজাৰতকৈও অধিক যুৱক-যুৱতীলৈ ইণ্টাৰ্নশ্বিপৰ সুবিধা আগবঢ়াইছে। এই পৰ্যায়ৰ বাবে চলিত মাহৰ শেষলৈকে আবেদনৰ সুবিধা আছে।