ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 27, 2025 8:08 PM | SIT | Zubeen Garg

printer

জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ জ্যোতিৰাদিত্য সিন্দিয়াৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লুকআউট ন’টিছ জাৰি কৰিছে। দুয়োগৰাকী অভিযুক্তই কোনো কাৰণতে যাতে ভাৰত এৰি যাব নোৱাৰে তাৰ বাবে ইণ্টাৰপলৰ জৰিয়তে অসম আৰক্ষীয়ে এই জাননী জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত যথেষ্ট আগবঢ়া বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়, যে ৰাজ্য চৰকাৰে ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে ৮ জন প্রবাসী অসমীয়ালৈও জাননী জাৰি কৰিছে । অহা ৬ অক্টোবৰৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে আটাইকেইজনকে চি আই ডিৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ কয়। কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ জনতাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। তেওঁ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ সৈতেও মত বিনিময় কৰে। চি আৰ পি এফৰ সঞ্চালক প্রধান জি পি সিঙেও শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনায়৷

ইপিনে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত অভিনেত্রী নিশিতা গোস্বামী, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আজি উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সময়ত ছিংগাপুৰতে থকা এই তিনিওগৰাকীকে এছ আই টিয়ে সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল। কালিও শ্যামকানু মহন্তৰ মাডাৰ টেৰেছা ৰোডৰ কাৰ্বি পথত থকা বাসগৃহত তদন্তকাৰী গোটে অভিযান চলায়। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ ৩০ জনীয়া এটা দলে বাসগৃহৰ প্ৰতিটো কোঠাত অভিযান চলাই বিভিন্ন তথ্যৰ অনুসন্ধান কৰে ।