ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত নেৰানেপেৰা বৰষুণৰ ভয়াবহ ৰূপ ধাৰণ

বিগত ৬০ ঘণ্টাত উত্তৰ চিকিমত হোৱা নেৰা নেপেৰা বৰষুণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ তীষ্টা নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত চাংকালাঙত এখন পুৰণা ওলমা দলং আৰু নতুনকৈ নিৰ্মাণ কৰা বেইলী দলং দুয়োখনেই ভাগি পৰে। ইয়াৰ ফলত প্ৰায় দুহেজাৰ পৰ্যাটক অঞ্চটোত আৱদ্ধ হৈ পৰিছে। উত্তৰ চিকিমৰ জংগো অঞ্চলৰ সৈতে গুৰুত্বপূর্ণ সকলো যোগাযোগ বিচিন্ন হৈ পৰিছে। জিলা দণ্ডাধীশ হেম কুমাৰ চেত্ৰীয়ে কালি এখন বৈঠকত মিলিত হৈ বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। বৰষুণৰ ফলত পাকেচেপত ৩ জন আৰু আম্বিথাঙত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ক’বি আৰু আম্বিথাঙত ভালেমান লোক আঘাতপ্রাপ্ত হৈছে।নামচি আৰু গেংটক জিলাতো প্ৰৱল বৰষুণে ভালেমান গাঁৱলীয়া পথ উটুৱাই নিছে।