ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি অসম মাধ্যমিক শিক্ষা পৰিষদে ‘ছেবা ছাৰ্ভিচ’ প’ৰ্টেল মুকলি কৰিব

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ছেবা ছাৰ্ভিচ প’ৰ্টেল মুকলি কৰিব। সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ এই প’ৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত ছেবাৰ সচিবে স্বাক্ষৰ কৰা জাননীখনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰথম গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা, দ্বিতীয় গোট পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবা ছাৰ্ভিচ প’ৰ্টেলত আপলোড কৰিবলৈ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা দিয়া হৈছে। নৱম শ্ৰেণীৰ নম্বৰসমূহ অন্তৰ্ভুক্তিৰ বাবে প’ৰ্টেলটো অহা ৩০ জুনলৈ মুকলি থাকিব। আনহাতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে নিৰ্দেশনাটোত কোৱা হৈছে যে, নৱম শ্ৰেণীৰ পৰীক্ষাত বিদ্যালয়ে উত্তীৰ্ণ বুলি ঘোষণা কৰা ছাত্ৰ-ছাত্ৰীকহে দশম শ্ৰেণীত অধ্যয়নৰ অনুমতি দিয়া হ’ব। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ নৱম শ্ৰেণীত প্ৰাপ্ত সকলো নম্বৰ দাখিল কৰাটো বাধ্যতামূলক। অন্যথা শিক্ষাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰ্ণ কৰিব নোৱাৰিব।