January 7, 2025 1:46 PM | science exhibition

printer

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো অন্তৰ্ভুক্ত

মধ্যপ্ৰদেশৰ ভূপালত কালি সামৰণি পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসম দলক প্রতিনিধিত্ব কৰা শিশু বিজ্ঞানী ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেজপুৰৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী ত্ৰিতিক্ষাৰ সৈতে শিশু বিজ্ঞানী লয়নাশ্ৰী শ‍ইকীয়া আৰু প্ৰকল্পৰ পৰামৰ্শদাতা নীতিশ হাজৰিকাকো মন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে এই সমাৰোহত অসমৰ ২৩ জনীয়া শিশু বিজ্ঞানীৰ দল এটা অংশগ্ৰহণ কৰিছিল।