January 7, 2025 1:46 PM

views 38

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো অন্তৰ্ভুক্ত

মধ্যপ্ৰদেশৰ ভূপালত কালি সামৰণি পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসম দলক প্রতিনিধিত্ব কৰা শিশু বিজ্ঞানী ত্ৰিতিক্ষা শ‍ইকীয়াৰ প্ৰকল্পটো দেশৰ অন্যতম ২০ টা প্ৰকল্পৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্ৰকাশ কৰে। তেজপুৰৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী ত্ৰিতিক্ষাৰ সৈতে শিশু বিজ্ঞানী লয়নাশ্ৰী শ‍ইকীয়া আৰু প্ৰকল্পৰ পৰামৰ্শদাতা নীতিশ হাজৰিকাকো মন্ত্ৰীগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই সমাৰোহত অসমৰ ২৩ জনীয়া শিশু বিজ্ঞানীৰ দল এটা অংশগ্ৰহণ ...

January 7, 2025 1:05 PM

views 35

৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ সামৰণি

 মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ কালি সামৰণি পৰে। চাৰিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিভা বিকাশৰ লগতে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান প্রতি আকর্ষিত কৰিব বুলি আশা কৰা হৈছে। শিক্ষাৰ্থীসকলৰ কল্পনা আৰু উদ্ভাৱনে নতুন দিশ লাভ কৰাৰ বাবে এয়া উপযুক্ত মঞ্চ। এই কাৰ্যসূচীত প্ৰায় ৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু ১৯৪টা প্ৰকল্প তথা আৰ্হি উপস্থাপন কৰা হয়। ইয়াৰ ভিতৰত ৩৭৬ গৰাকী ছাত্ৰীয়ে বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰে। আনহাতে ৬ খন দেশ আৰু ২৮ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে...

October 5, 2024 9:54 AM

views 43

৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

চলিত বৰ্ষৰ ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হ'ব। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়, পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয় আৰু বিজ্ঞান ভাৰতীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই বিজ্ঞান মহোৎসৱৰ উদ্দেশ্য হৈছে – বৈজ্ঞানিক ধাৰণাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা, সাফল্যক স্বীকৃতি দিয়া আৰু ভাৰতীয় জনসাধাৰণৰ মাজত বৈজ্ঞানিক সজাগতা বৃদ্ধি কৰা। কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে কয় যে বিজ্ঞান মহোৎসৱত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ আলোচ...

May 20, 2024 8:41 PM

views 22

গোলাঘাটৰ বোকাখাতত ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

গোলাঘাট জিলাৰ বোকাখাতত অহা ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হ'ব। বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ লক্ষ্যৰে জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত এই সমাৰোহৰ আয়োজন কৰা হৈছে। শিশুৰ শাৰীৰিক-মানসিক, বৌদ্ধিক সৃজনীশীলতা, সামাজিক, সামূহিক কাম কৰাৰ কৌশল বিকাশ কৰাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে এই সমাৰোহৰ আয়োজন কৰা হয়। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই সমাৰোহত অংক, বিজ্ঞান, পৰিৱেশ, জ্যোতির্বিজ্ঞান, গীত-নাট আদি আমোদ আৰু খেলৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হয়। প্রয়াত ব...