January 7, 2025 1:05 PM | science exhibition

printer

৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ সামৰণি

 মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত ৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছৰ কালি সামৰণি পৰে। চাৰিদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিভা বিকাশৰ লগতে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান প্রতি আকর্ষিত কৰিব বুলি আশা কৰা হৈছে। শিক্ষাৰ্থীসকলৰ কল্পনা আৰু উদ্ভাৱনে নতুন দিশ লাভ কৰাৰ বাবে এয়া উপযুক্ত মঞ্চ। এই কাৰ্যসূচীত প্ৰায় ৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু ১৯৪টা প্ৰকল্প তথা আৰ্হি উপস্থাপন কৰা হয়। ইয়াৰ ভিতৰত ৩৭৬ গৰাকী ছাত্ৰীয়ে বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰে। আনহাতে ৬ খন দেশ আৰু ২৮ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।