February 28, 2025 1:39 PM | Science day

printer

সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিশিষ্ট পদার্থবিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপনৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ন’বেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন বিষয়ৰ ওপৰত ভিত্তি কৰি বিজ্ঞান যোগাযোগৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত ভাগ ল’ব। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে : বিকশিত ভাৰতৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বৰ নেতৃত্ব বহন কৰিব পৰাকৈ ভাৰতীয় যুৱ প্ৰজন্মৰ সবলীকৰণ ৷

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে তিনিচুকীয়া জিলাৰ হাতীজান গাঁৱৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম বিজ্ঞান সমিতি তিনিচুকীয়া শাখাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত শাখাৰ সভাপতি বিশিষ্ট শিক্ষাবিদ ড০ ৰাজীৱ বৰদলৈয়ে নৱপ্ৰজন্মৰ মনত কেনেকৈ বৈজ্ঞানিক মানসিকতাৰ পৰিবেশ ৰচনা কৰিব পাৰি সেই বিষয়ে আলোচনা আগবঢ়াব। এই দিৱসৰ লগত সংগতি ৰাখি কালি বড়োলেণ্ড বিশ্ববিদ্যালয়ত এখন বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। উপাচার্য বাবুলাল আহুজাই উদ্বোধন কৰা প্ৰদৰ্শনীখনত বিজ্ঞান আৰ্হি, প্রকল্প আৰু পোষ্টাৰ প্ৰদৰ্শন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে প্রদর্শন কৰা বিজ্ঞান জগতৰ নৱীনতম ধাৰণাসমূহে উপস্থিত ৰাইজ আৰু বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।