February 28, 2025 1:39 PM
114
সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন
সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিশিষ্ট পদার্থবিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপনৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ন'বেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন বিষয়ৰ ওপৰত ভিত্তি কৰি বিজ্ঞান যোগাযোগৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত ভাগ ল'...