ৰাজ্যত অব্যাহত থকা অসহ্য গৰমৰ বাবে গ্ৰীষ্ম বন্ধৰ পাছত কাইলৈৰ পৰা হ’বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশনাযোগে জিলাখনৰ বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰিছে। নতুন নির্দেশনা অনুসৰি কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পাঠদান পুৱা চাৰে ৭ বজাত আৰম্ভ হ’ব। অৱশ্যে বিদ্যালয়ৰ ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি সময়ৰ সলনি হ’ব। নিৰ্দেশনাটোত উল্লেখ কৰা মতে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটী চাৰে ১১ বজাত আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ছুটী ১২ বজাত হ’ব। মাধ্যমিক পৰ্যায়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠদান দুপৰীয়া ১ বজা পর্যন্ত চলিব। এই শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগুৱাই নিয়াৰ স্বাৰ্থত বিদ্যালয়ৰ ছুটীৰ সময় চাৰে ১২ বজাৰ পৰিৱৰ্তে ১ বজা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে প্রচণ্ড গৰমৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে শিক্ষা বিভাগক নির্দেশ দিছে। গুৱাহাটী মহানগৰীৰ যান-জঁটৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতে সমগ্ৰ শিক্ষা বিভাগে নির্দেশনা জাৰি কৰিছে।
নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে জাৰি কৰা এটা নিৰ্দেশনা অনুযায়ী নগাঁও জিলাতো বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে। পুৱা চাৰে ৭ বজাত পাঠদানৰ সূচী আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয় চাৰে ১১ বজাত, মাধ্যমিক ১২ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত চাৰে ১২ বজাত পাঠদান কাৰ্যসূচীৰ সামৰণি পৰিব বুলি শ্ৰীনাথে জানিবলৈ দিছে।