July 31, 2025 8:13 PM

views 25

কাইলৈৰ পৰা হ’বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা জাৰি

ৰাজ্যত অব্যাহত থকা অসহ্য গৰমৰ বাবে গ্ৰীষ্ম বন্ধৰ পাছত কাইলৈৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্র শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশনাযোগে জিলাখনৰ বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰিছে। নতুন নির্দেশনা অনুসৰি কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পাঠদান পুৱা চাৰে ৭ বজাত আৰম্ভ হ'ব। অৱশ্যে বিদ্যালয়ৰ ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অ...

June 3, 2024 8:05 PM

views 34

কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত পাঠদান আৰম্ভ

কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহত কাইলৈৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান আৰম্ভ হ'ব। জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে বিদ্যালয়ৰ পাঠদানৰ সময় আগুৱাই জাৰি কৰা নিৰ্দেশনা প্রত্যাহাৰ কৰিছে। নির্দেশনাত শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰি বিদ্যালয়সমূহ আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে।

May 27, 2024 12:13 PM

views 21

আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য

ৰাজ্যত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচী ধাৰ্য কৰা হৈছে। সেই অনুসৰি যোৰহাট, কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া ১২ বজালৈ, উচ্চ প্রাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া চাৰ ১২ বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা চাবে সাত বজাৰ পৰা দুপৰীয়া ১ বজালৈ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। আনহাতে ...

May 26, 2024 12:35 PM

views 26

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰায়বোৰ জিলাৰে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰায়বোৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে। কামৰূপ মহানগৰ, চিৰাং আৰু শোণিতপুৰ জিলা প্রশাসনে জাৰি কৰা নির্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া ১ বজালৈ নির্ধাৰণ কৰা হৈছে। একেদৰে, মৰিগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পূৱা ৭ বা...