ৰাজ্যত উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰা হৈছে। এই অনুসৰি বিদ্যালয়সমূহৰ পাঠদান পুৱা চাৰে ৭ বজাৰ পৰা আৰম্ভ হৈছে। বিদ্যালয়সমূহৰ পৰিদর্শকে কালি এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা ছাঁ পৰা স্থানত অনুষ্ঠিত কৰা হৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত থকা সময়ছোৱাত পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো নিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ প্ৰাংগণত খোৱাপানীৰ সুবিধা নিশ্চিত কৰিবলৈ নিৰ্দেশটোত উল্লেখ কৰা হৈছে। বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত যাতে ভালদৰে বতাহ চলাচল কৰিব পাৰে আৰু সকলো বৈদ্যুতিক ফেন কাৰ্যক্ষম হৈ থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।