December 20, 2025 6:40 PM | scolarship

printer

২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান

ৰাজ্যৰ চৰকাৰী, স্বীকৃতিপ্রাপ্ত অথবা প্রাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্রাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্র আহ্বানৰ কথা প্ৰকাশ কৰিছে। পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় ৫০ হাজাৰ টকাৰ কম হোৱা ছাত্ৰ ছাত্ৰীসকলে এই আবেদন কৰিব পাৰিব।

ছাত্র-ছাত্রীসকলে বৃত্তিৰ বাবে www.directoratetribalaffairsplain.assam.gov.in-ৰ জৰিয়তে আবেদন পত্র সংগ্ৰহ কৰিব পাৰিব আৰু অহা ৩০ ডিচেম্বৰৰ ভিতৰত আবেদনপত্ৰসমূহ নিজ নিজ শিক্ষানুষ্ঠানত জমা দিব লাগিব। অর্হতাসম্পন্ন ছাত্র-ছাত্ৰীসকলে বছৰি এহেজাৰ ২০০ টকাকৈ জলপানি লাভ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।