December 20, 2025 6:40 PM

views 14

২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান

ৰাজ্যৰ চৰকাৰী, স্বীকৃতিপ্রাপ্ত অথবা প্রাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্রাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ২০২৫-২৬ বৰ্ষৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহ্বান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্র আহ্বানৰ কথা প্ৰকাশ কৰিছে। পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় ৫০ হাজাৰ টকাৰ কম হোৱা ছাত্ৰ ছাত্ৰীসকলে এই আবেদন কৰিব পাৰিব। ছাত্র-ছাত্রীসকলে বৃত্তিৰ বাবে www.directoratetribalaffairsplain.assam.gov.in-ৰ জৰি...