ডাউনলোড
মোবাইল এপ

android apple
signal

দুদিনীয়া ভ্ৰমণসূচীৰে সপৰিয়ালে কাজিৰঙাত উপস্থিত শচীন টেণ্ডুলকাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হোৱা কিম্বদন্তী ক্রিকেটাৰ শচীন টেণ্ডুলকাৰে আজি পুৱা হাতী আৰু জীপ ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হোৱাৰ সময়ত অনুৰাগীয়ে তেওঁক সাক্ষাৎ কৰাৰ বাবে ভিৰ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে শচীন টেণ্ডুলকাৰে কালি সপৰিয়ালে কঁহৰাত উপস্থিত হৈছিল। কঁহৰাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত খেলুৱৈগৰাকী পৰিয়ালৰ লোকসকলৰ সৈতে উপস্থিত হোৱাৰ লগে লগে নিবাস কৰ্তৃপক্ষই ঢোলে-ডগৰে, গীতে-মাতে ক্ৰিকেটাৰগৰাকীক আদৰণি জনায়। ক্ৰিকেটাৰগৰাকীৰ আগমনৰ খবৰ পাই কাজিৰঙা ৰিজৰ্টৰ বাহিৰতো ভালেমান অনুৰাগী আৰু গুণমুগ্ধই ভিৰ কৰে। খেলুৱৈগৰাকী তথা তেওঁৰ পৰিয়ালৰ লোকসকলক উদ্যান দৰ্শন কৰোৱাৰ লগতে কাজিৰঙাৰ অন্যান্য ঠাইতো ভ্ৰমণৰ সুবিধা কৰি দিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। ব্যক্তিগত পৰ্যটন নিবাসৰ গৰাকীয়ে জনোৱা মতে ক্ৰিকেটাৰ গৰাকীৰ পৰিয়ালক অসমৰ থলুৱা খাদ্য সম্ভাৰেৰে আপ্যায়ণ কৰা হৈছে। কাজিৰঙাত উপস্থিত হোৱাৰ পূৰ্বে ক্ৰিকেটাৰ গৰাকীয়ে কালি শ্বিলঙৰ পৰা আহি কলিয়াবৰৰ মিছাত অৱস্থিত প’ল ক্লাবত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। প’ল ক্লাবতো বহুসংখ্যক অনুগাৰীয়ে খেলুৱৈগৰাকীক গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক