April 8, 2025 12:27 PM

views 24

দুদিনীয়া ভ্ৰমণসূচীৰে সপৰিয়ালে কাজিৰঙাত উপস্থিত শচীন টেণ্ডুলকাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হোৱা কিম্বদন্তী ক্রিকেটাৰ শচীন টেণ্ডুলকাৰে আজি পুৱা হাতী আৰু জীপ ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হোৱাৰ সময়ত অনুৰাগীয়ে তেওঁক সাক্ষাৎ কৰাৰ বাবে ভিৰ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে শচীন টেণ্ডুলকাৰে কালি সপৰিয়ালে কঁহৰাত উপস্থিত হৈছিল। কঁহৰাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত খেলুৱৈগৰাকী পৰিয়ালৰ লোকসকলৰ সৈতে উপস্থিত হোৱাৰ লগে লগে নিবাস কৰ্তৃপক্ষই ঢোলে-ডগৰে, গীতে-মাতে ক্ৰিকেটাৰগৰাকীক আদৰণি জনায়...

April 7, 2025 11:14 AM

views 21

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আজি পৰিয়ালসহ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ

ভাৰতৰত্ন সন্মানেৰে বিভূষিত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে আজি সপৰিয়ালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বিচৰণভূমি কাজিৰঙা, হাতী, ঢেকীয়াপতিয়া বাঘ, দুষ্প্ৰাপ্য দলহৰিণৰো বিচৰণৰ্থলী। পৰিয়ালৰ সৈতে কাজিৰঙা দৰ্শনলৈ অহা খেলুৱৈগৰাকীয়ে কাজিৰঙাৰ কঁহৰাৰ এটা ব্যক্তিগত পর্যটন নিবাসত নিশা কটোৱাৰ লগতে উদ্যানৰ অন্তৰ্ভাগত পৰিয়ালৰ সদস্যসকলৰ সৈতে হাতী আৰু জীপ ছাফাৰী কৰিব। কাজিৰঙালৈ তেণ্ডুলকাৰৰ আগমনৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু ...