২৪ ফেব্ৰুৱাৰীত ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে ‘ঝুমুইৰ বিনন্দিনী’ কাৰ্যসূচী

বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীৰ বাবে জিলাই জিলাই ব্যাপক প্রস্তুতি চলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠান উপভোগ কৰিব। অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰতিদিনে আখৰা চলি থকা জিলাসমূহ ভ্ৰমণ কৰিছে। অনুষ্ঠানত অংশলবলগীয়া কাছাৰ, হাইলাকাণ্ডি আৰু শ্ৰীভূমি জিলাৰ মণ্ডল ভিত্তিক শিল্পীসকলৰ ঝুমুৰ নৃত্য প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ আজি কাছাৰ জিলাৰ অভিভাৱক মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আখৰাৰ বুজ লয়। শিলচৰ টাউন ক্লাৱ মৈদানত অনুষ্ঠিত এই আখৰাত ৩০০ গৰাকীৰো অধিক ঝুমুৰ নৃত্য শিল্পী, বাদ্যশিল্পী আৰু প্ৰশিক্ষকে অংশ লৈছে। বিশ্ব ৰেকৰ্ডৰ বাবে সাজু হোৱা শিল্পীসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে তেওঁলোকক উৎসাহিত কৰে। উল্লেখযোগ্য যে, অসমৰ চাহ বাগিছাৰ দুশ বছৰীয়া জয়ন্তী উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ঝুমুৰ কেন্দ্ৰীক এই বিশাল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আয়োজনে ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত উজলাই তুলি চাহ শ্রমিকসকলক অধিক উদ্যমেৰে কাম কৰি যোৱাত অনুপ্ৰেৰণা যোগাব বুলি আশা কৰা হৈছে। অনুষ্ঠানত বৰাক উপত্যকাৰ মুঠ ৩৪৬ গৰাকী শিল্পীয়ে অংশ গ্ৰহণ কৰিব য’ত কাছাৰ জিলাৰ পৰা মুঠ ১৮০ গৰাকী, শ্রীভূমি জিলাৰ পৰা ৬৪ গৰাকী আৰু হাইলাকাণ্ডি জিলাৰ ১০২ গৰাকী শিল্পী আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।