February 24, 2025 7:03 PM

views 47

ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী মোদীয়ে শুভৰাম্ভ কৰিব

অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্যক উদ্যাপনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভৰাম্ভ কৰিব। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানৰ বাবে আঠ সহস্রাধিক শিল্পী সমাবেত হৈছে। ৰঙা পাৰিৰ শুভ্ৰ শাৰী পৰিহিতা চাহ জনগোষ্ঠীৰ গাভৰুৰ নৃত্যৰ ছন্দ আৰু ঢোল-মাদলৰ চেওত খন্তেক পাছতে ষ্টেডিয়ামখন মুখৰ হৈ উঠিব। চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰাক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা...

February 11, 2025 7:39 PM

views 33

২৪ ফেব্ৰুৱাৰীত ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে ‘ঝুমুইৰ বিনন্দিনী’ কাৰ্যসূচী

বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত হ'বলগীয়া ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীৰ বাবে জিলাই জিলাই ব্যাপক প্রস্তুতি চলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠান উপভোগ কৰিব। অনুষ্ঠানৰ প্ৰস্তুতি পর্যালোচনাৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰতিদিনে আখৰা চলি থকা জিলাসমূহ ভ্ৰমণ কৰিছে। অনুষ্ঠানত অংশলবলগীয়া কাছাৰ, হাইলাকাণ্ডি আৰু শ্ৰীভূমি জিলাৰ মণ্ডল ভিত্তিক শিল্পীসকলৰ ঝুমুৰ নৃত্য...

January 19, 2025 7:21 PM

views 26

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ৭,৫০০ৰো অধিক শিল্পীৰ অংশগ্রহণেৰে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আয়োজন

ৰাজ্য চৰকাৰৰ উদ্যোগত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ৭,৫০০ৰো অধিক শিল্পীৰ অংশগ্রহণেৰে সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চাহবাগিছাসূহৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া নৃত্য শিল্পীসকলৰ ব্যৱস্থাপনা সন্দৰ্ভত কলিয়াবৰ সমজিলা প্রশাসন, গাঁও পঞ্চায়তসমূহৰ সচিব আৰু প্ৰশিক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। নৃত্য প্রদর্শন অনুষ্ঠানত অংশগ্ৰহণৰ ক্ষেত্ৰত বাছনিৰ বাবে পঞ্জীয়ন, বাছনিভুক্তসকলৰ প্ৰশিক্ষণ আদি বিভিন্ন দিশ সন্দৰ্ভত তেওঁ পৰামৰ্শ আগবঢ়ায়। এডভাণ্টে...

January 6, 2025 12:33 PM

views 44

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ ঝুমুৰ প্ৰদৰ্শন

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ অংশগ্রহণেৰে ঝুমুৰ প্ৰদৰ্শন কৰা হ'ব। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে প্ৰদৰ্শন কৰিবলগীয়া চাহ জনগোষ্ঠীয় লোকনৃত্য ঝুমুৰ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। কালি এখন সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই এই কথা প্ৰকাশ কৰি কয়, যে ইতিমধ্যে ঝুমুৰ নৃত্যৰ বাবে গীত বাণীবদ্ধ কৰা হৈছে। আজিৰ পৰা তিনিদিনীয়াকৈ মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষকসকলে ২০ৰ পৰা ৩০ জানুৱাৰীলৈ প্ৰতিটো সমষ্ট...