ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়া ধোৱাপথাৰ বৰনামঘৰ প্ৰাংগণত ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিবেশনত কালি মুকলি সভাত কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱালে মৃদংগ বায়নৰ জৰিয়তে অসমৰ সংস্কৃতিৰ বৰপথাৰখন চহকী কৰা তথা নতুন প্ৰজন্মক জাতীয় সংস্কৃতি চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত দায়বদ্ধ কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰি অহা মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ শলাগ লয়। তেওঁ কয়, যে অসমৰ সাংস্কৃতিক জীৱনৰ অবিচ্ছেদ্য অংগ লোকবাদ্যসমূহৰ অন্যতম মৃদংগৰ সাধনা আৰু প্ৰসাৰত মৃদংগিয়া গায়ন-বায়ন সংস্থাই বিশেষ ভূমিকা পালন কৰি আহিছে। তেওঁ নতুন প্রজন্মই এই সংস্কৃতিক আঁকোৱালি লোৱা প্ৰত্যক্ষ কৰি আনন্দ প্ৰকাশ কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, সাংস্কৃতিক মন্ত্রী তথা স্থানীয় বিধায়ক বিমল বৰা আৰু শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামী উপস্থিত থাকে।
Site Admin | January 5, 2026 12:52 PM | Sarbananda Sonowal
ডিব্ৰুগড় জিলাত অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনত সাংসদ সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ