ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 18, 2025 1:15 PM | Sarbananda Sonowal

printer

যোগীঘোপাত আজি আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্যৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিমল বৰা আৰু যোগেন মহনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেঁতুৰ কাষত ব্ৰহ্মপুত্ৰ নৈ পাৰত ১৫ একৰ ভূমি সামৰি এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। ৮২ কোটি টকা ব্যয় সাপেক্ষ টার্মিনেলটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। টার্মিনেলটো মুকলি হোৱাৰ পাছত যোগীঘোপা আৰু বাংলাদেশৰ মাজত জাহাজ চলাচল কৰা হ’ব। এই টার্মিনেলৰ যোগেদি ভাৰত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ মাজত বিভিন্ন সামগ্ৰীৰ আমদানি-ৰপ্তানী সম্ভৱ হৈ উঠিব। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্র জাহাজ বন্দৰটোক আজি মুকলি হোৱাৰ লগতে যোগীঘোপাৰ অশোক কাগজ কলৰ ভূমিত নির্মীয়মান ল’জিষ্টিক উদ্যানৰ কাম সম্পূৰ্ণ হৈ উঠিলে যোগীঘোপা বাণিজ্যিক প্রাণকেন্দ্র হিচাপে পৰিগণিত বুলি আশা কৰা হৈছে। ইয়াৰ ফলত স্থানীয় যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ পথ মুকলি হ’ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ভূটানৰ গেলেফুৰ পৰা ৯১ কিলোমিটাৰ, বাংলাদেশ সীমান্তৰ পৰা ১০৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই টার্মিনেল কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।