October 10, 2025 7:30 PM | Sarbananda Sonowal

printer

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় মহানগৰৰ ফুলবাগানৰ সমীপত জোগাৰ্ছ পাৰ্ক আৰু কছাৰী ঘাট শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশনা দিয়াৰ এদিন পাছতে আজি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ আৰু জাহাজ পৰিবহন বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষেত্ৰ পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খহনীয়াস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক অৱস্থাৰো বুজ লয়। লগতে অধিক ক্ষয়-ক্ষতি ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগক নির্দেশ দিয়ে।