অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহন আন্তঃগাথনিত বিগত দুবছৰত এহেজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ’বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত আয়োজিত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ সকলো অংশীদাৰকে ভাৰতীয় সামুদ্রিক সপ্তাহৰ কাৰ্যসূচীলৈ আদৰণি জনোৱাৰ লগতে দেশৰ সৰ্ববৃহৎ সামুদ্রিক কাৰ্যসূচীৰ অংশ হবলৈ আহ্বান জনায়। এই কাৰ্যসূচীত কমেও এশ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ ব্যৱহাৰ পৰ্যটন খণ্ডৰ প্ৰসাৰৰ দিহা কৰা হ’ব। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দেশৰ জল পৰিবহণ খণ্ডৰ বিকাশৰ অংশীদাৰ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ কয়। শ্ৰীসোণোৱালে কয় যে অসমত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ১৪ খন প্ৰমোদৰী চলাচল কৰি আছে। ব্ৰহ্মপুত্ৰত ২-২৭ চনৰ ভিতৰত দুখন প্ৰমোদৰী চলাচল কৰোৱা হব বুলি তেওঁ উল্লেখ কৰে। ২৫০ কোটি টকা ব্যয় সাপেক্ষে কোলকাতাত জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে জাৰ্মানীৰ আগশাৰীৰ পৰিবহন কোম্পানী ৰেনাছ লজিষ্টিক প্রাইভেট লিমিটেডে বৰাক-ব্ৰহ্মপুত্ৰ আৰু গংগাক লৈ অধ্যয়ন সম্পূর্ণ কৰিছে। এই অধ্যয়নত বৰাক, ব্ৰহ্মপুত্ৰ আৰু গংগাত মালবাহী জাহাজ চলাচলৰ সুবিধা আছে বুলি প্ৰকাশ কৰা হয় ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ পৰাই তিনিওখন নদীত মালবাহী জাহাজ চলাচলৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷
তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সামুদ্রিক খণ্ডত নতুন অধ্যায় সংযোজন কৰিবলৈ সমর্থ হৈছে। সাগৰমালা প্ৰকল্পৰ পৰা হৰি সাগৰ প্ৰকল্পলৈকে, জলবাহক সামগ্ৰী পৰিবাহী জাহাজৰ পৰা হৰিত নৌকা অভিযানলৈকে ভাৰতে বন্দৰ, জলপথ আৰু জাহাজ পৰিবহন খণ্ডৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন কৰিছে বুলি তেওঁ কয় । এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল এক্ট ইষ্ট নীতিৰ অধীনত দেশৰ বিকাশৰ শক্তিশালী ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিবহন মন্ত্রী যোগেন মহনৰ সৈতে ৱাটাৰ ভয়েজ নৰ্থ-ইষ্ট শীৰ্ষক এই ৰোড শ্ব’ত অংশ লোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলো সম্বোধন কৰে।