উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ সুদৃঢ় কৰাৰ উপৰি সামুদ্রিক খণ্ডত অঞ্চলটোৰ যুৱক- যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰি কয়, যে ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া সামুদ্রিক উৎকর্ষতা কেন্দ্ৰত অনাগত ১০ বছৰত ৫০ হাজাৰ ছাত্ৰ- ছাত্ৰীক প্ৰশিক্ষণ দিয়া হ’ব। তেওঁ লগতে কয়, যে নদী জলপথেৰে জাহাজৰ বছৰজোৰা নিৰৱচ্ছিন্ন আৰু সুচন চলাচলৰ বাবে নদী খননৰ ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে পাণ্ডু, শিলঘাট, বিশ্বনাথ আৰু বগীবিলত লাইট হাউছ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি শ্ৰী সোণোৱালে কয়, যে সময়োচিত বতৰ নিৰীক্ষণ ব্যৱস্থাৰ সৈতে ইয়াক একত্ৰিত কৰা হ’ব। ইয়াৰ ফলত পৰ্যটনৰ প্ৰসাৰৰ লগতে অসমৰ স্থানীয় বতৰৰ পূর্বাভাষ দিয়াটো সহায়ক হ’ব বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে বিশ্বৰ আগশাৰীৰ লজিষ্টিক কোম্পানী ৰেনাছে চলিত বৰ্ষতে ব্ৰহ্মপুত্ৰ আৰু বৰাকত পৰিৱেশ অনুকূল নাও চলোৱা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে। যাত্ৰী আৰু মালবাৰী জাহাজ চলাচল বৃদ্ধিৰ বাবে জলপথসমূহক উন্নত কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলত ৮৫ টা কমিউনিটি জেটি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও শ্ৰী সোণোৱালে প্ৰকাশ কৰে।
সংবাদমেলত শ্ৰী সোণোৱালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ছয় লাখ কোটিৰো অধিক আর্থিক অনুদান প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। শ্ৰী মোদীৰ পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ মূলমন্ত্রই উত্তৰ-পূৰ্বাঞ্চলক সমৃদ্ধ কৰি তোলাৰ লগতে এক্ট-ইষ্ট নীতিৰ জৰিয়তে সমগ্ৰ অঞ্চলটো বৰ্তমান দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।