কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ে অহা ২৯ মে’ৰ পৰা ১২ জুনলৈ সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে- কৃষকৰ মাজত অঞ্চলভিত্তিক বহনক্ষম প্ৰযুক্তিৰ বিষয়ে অৱগত কৰা, সাৰ ব্যৱহাৰৰ বাবে ভূমি স্বাস্থ্য সন্দৰ্ভত আলোচনা, চৰকাৰী আঁচনি আৰু নীতি সম্পৰ্কে তথ্য প্ৰচাৰ আৰু ভৱিষ্যত গৱেষণা তথা উদ্ভাৱনৰ বাবে কৃষকৰ পৰা মতামত সংগ্ৰহ কৰা। এই অভিযানৰ অংশ হিচাপে ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই জিলা প্ৰশাসন, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, কৃষি, পশু আৰু দুগ্ধ তথা মৎস্য বিভাগৰ সহযোগত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ১৩ দিনীয়া এই কাৰ্যসূচীত জিলাখনৰ ৫২ টা স্থানৰ সকলো গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ হাজাৰৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ধেমাজিৰ বাটঘৰীয়া গাওঁ পঞ্চায়তত পৰহিলৈ এই অভিযানৰ শুভাৰম্ভ কৰা হ’ব। অনুষ্ঠানত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ড° ৰণোজ পেগু উপস্থিত থকাৰ কথা ।
যোৰহাট জিলাত হ’বলগীয়া বিকশিত কৃষি সংকল্প অভিযান সফলভাৱে ৰূপায়ণৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী, জিলা কৃষি বিষয়া অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ প্ৰতিনিধিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।