নিটি আয়োগ সম্পূর্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ শুভাৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগ সম্পূর্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ কালি শুভাৰম্ভ কৰে। মুঠ ১১২ খন অভিলাষী জিলা আৰু ৫০০টা অভিলাষী খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত ১০০ শতাংশ পৰিপূৰ্ণতা লাভ কৰা। এই অভিযানৰ প্ৰথম দিনটোত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সম্পূৰ্ণ সহৃদয়তাৰে অংশগ্ৰহণ কৰে । অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম খণ্ডত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনে কালি এই অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে নাগালেণ্ডৰ কিফিতে অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত বিধানসভাৰ সদস্য চি কিপ্লি সংগতমে কাৰ্যসূচীৰ আৰম্ভণি কৰে। ইপিনে মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ লমকা ছাউথ ব্লকত কালি আৰম্ভ হোৱা প্ৰথমটো কাৰ্যসূচীত মধুমেহ আৰু উচ্চ ৰক্তচাপৰ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭ খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। এই অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ড সমূহত মূলত প্রথম তিনি মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্রসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে ২০১৫ তে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুত যোগান থকা মাধ্যমিক পৰ্যায় বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি মাহজোৰা সম্পূর্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্রাম সভা, নাটক, পৌষ্টিক আহাৰ মেলা, স্বাস্থ্য শিবিৰ, সজাগতা সভা আৰু ৰেলী প্ৰদৰ্শনী আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব । উল্লেখযোগ্য যে দৰং জিলাৰ পূব মঙলদৈ, ওদালগুৰিৰ ভেৰগাঁও আৰু ডিমা হাছাও জিলাৰ বিভিন্ন খণ্ডত আজি সম্পূর্ণতা অভিযান আৰম্ভ কৰা হ’ব। আনহাতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰীত, কাছাৰ জিলাৰ লক্ষীপুৰত আৰু ধেমাজি জিলাৰ মুৰ্কংচেলেকত কাইলৈ এই অভিযান আৰম্ভ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।