July 28, 2024 11:46 AM

views 22

দক্ষিণ শালমাৰা মানকাচৰ জিলাত নিটি আয়োগৰ সম্পূৰ্ণতা অভিযান আৰম্ভ

দক্ষিণ শালমাৰা মানকাচৰ জিলাতো চলিত মাহৰ পৰা সম্পূৰ্ণতা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ জৰিয়তে প্ৰতিখন গাঁৱত ৩০ বছৰৰ উৰ্ধৰ ৭০ হাজাৰ লোকৰ মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগ চিনাক্তৰ বাবে পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি গৰ্ভৱতী মহিলাসকলৰ বাবে 1st ANC Trimster আৰু জন্মৰ পৰা এবছৰ বয়সৰ শিশুক এফ আই চি প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। জিলাখনৰ ১০০ শতাংশ লোককে এই অভিযানত সামৰি লোৱা হ'ব বুলি জিলা স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ জিলা আঁচনি প্ৰবন্ধক ৰুফুল আমিন মণ্ডলে জানিবলৈ দিছে। নিটি আয়োগৰ বিশেষ কা...

July 22, 2024 12:24 PM

views 21

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশু...

July 8, 2024 8:25 PM

views 27

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে যোৱা পহিলা জুলাইৰ পৰা বাক্সা জিলাতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কালি সন্ধিয়া প্ৰচাৰিত আকাশবাণী গুৱাহাটীৰ চলন্তিকা অনুষ্ঠানত আয়ুক্ত কৃষ্ণা বৰুৱাই জিলাখনত ৰূপায়ণ হৈ থকা সম্পূর্ণতা অভিযানৰ খতিয়ান দাঙি ধৰে। আয়ুক্তগৰাকীয়ে সদৰি কৰা মতে বাক্সা জিলাত এই অভিযান এক জুলাইৰ পৰা ৩০ ছেপ্তেম্বৰলৈ চলিব। ছটা বিভাগত কেন্দ্ৰীয় চৰকাৰে দিয়া লক্ষ্য নিৰ্ধাৰণৰ বাবে জিলা প্রশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আয়ুক্তগৰা...

July 5, 2024 12:38 PM

views 17

নিটি আয়োগ সম্পূর্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ শুভাৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগ সম্পূর্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ কালি শুভাৰম্ভ কৰে। মুঠ ১১২ খন অভিলাষী জিলা আৰু ৫০০টা অভিলাষী খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা মূল সামাজিক খণ্ডৰ সূচকৰ ক্ষেত্ৰত ১০০ শতাংশ পৰিপূৰ্ণতা লাভ কৰা। এই অভিযানৰ প্ৰথম দিনটোত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সম্পূৰ্ণ সহৃদয়তাৰে অংশগ্ৰহণ কৰে । অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম খণ্ডত ৰাজ্যখনৰ...

July 4, 2024 8:25 PM

views 18

আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ

নীতি আয়োগে সমগ্ৰ দেশৰ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত ৬ টা ঘাই সূচকৰ ক্ষেত্ৰত পৰিপূৰ্ণতাৰ লক্ষ্য উপনিত হোৱাৰ অৰ্থে নিৰন্তৰ প্ৰয়াস চলোৱাৰ উদ্দেশ্যে আজিৰেপৰা ৩০ ছেপ্তম্বৰলৈ তিনি মাহ জোৰা সম্পূৰ্ণতা অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ জৰিয়তে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ড কাৰ্যসূচীৰ অধীনত ১১২ খন অভিলাষী জিলা আৰু ৫০০টা অভিলাষী খণ্ডৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অভিলাষী জিলাৰ কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় চামিলকৰণ, দক্ষত...

July 3, 2024 7:43 PM

views 21

অসমত কাইলৈৰ পৰা সম্পূর্ণতা অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা আৰম্ভ কৰা সম্পূর্ণতা অভিযান অসমত কাইলৈ আৰম্ভ হ'ব। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত, সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত কাইলৈৰপৰা এই অভিযান ৰূপায়ণ কৰা হ'ব। বর্তমানে উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহ সামৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ বাবে সম্পূর্ণতা অভিযান আৰম্ভ কৰিছে। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১ জুলাইত আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পর্যন্ত চলিব। নীতি আয়োগে আৰম্ভ কৰা এই অভিয...