ডাউনলোড
মোবাইল এপ

android apple
signal

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী, ইটালীৰ উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি সন্ধিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মার্কো ৰুবীয়োৰ সৈতে কথা পাতে আৰু সীমান্তৰে চলোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিৰ্ধাৰিত আৰু সু-পৰিকল্পিত ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। ড° জয়শংকৰে সামাজিক মাধ্যম যোগে কয়, যে ভাৰতে আক্ৰমণ তীব্ৰতৰ কৰি তোলাৰ যিকোনো প্ৰচেষ্টা দৃঢ়তাৰে প্ৰতিহত কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে সন্ত্রাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে কাম কৰাৰ বাবে আমেৰিকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। ড° জয়শংকৰে কালি ইটালীৰ উপ প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী এণ্টনিঅ’ তজানিৰ সৈতে দূৰসংযোগ ব্যৱস্থাৰে আলোচনাত মিলিত হয়। বিদেশ মন্ত্রীদ্বয়ে ভাৰতৰ সু-পৰিকল্পিত আৰু সু-চিন্তিত আক্ৰমণৰ বিষয়ে আলোচনা কৰে। পাকিস্তানে সংঘর্ষ বৃদ্ধিৰ বাবে চলোৱা যিকোনো প্রয়াসৰ যোগ্য প্রত্যুত্বৰ দিয়া হ’ব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিদেশমন্ত্ৰীগৰাকীয়ে ইউৰোপীয় সংঘৰ বিদেশ পৰিক্ৰমা আৰু সুৰক্ষা নীতি বিষয়ক উচ্চ পৰ্যায়ৰ প্ৰতিনিধি কাজা কল্লাছৰ সৈতেও সাম্প্ৰতিক ঘটনাক্ৰমৰ বিষয়ে কালি আলোচনা কৰে। আলোচনা কালত ড° জয়শংকৰে কয়, যে ভাৰতে সংযম ৰক্ষা কৰি আছে। তেওঁ লগতে সংঘর্ষ বৃদ্ধিৰ প্ৰচেষ্টা সমীচিন প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়াই দিয়ে।

অধিক পঢ়ক

সকলো চাওক