ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ গুৱাহাটীত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা কালি এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত উচ্চ ন্যায়ালয়ৰ নতুন ভৱন, কার্যালয় ভৱন, বাৰ কাউন্সিল ভৱন, ন্যায়াধীশসকলৰ আৱাস, বিষয়া-কৰ্মচাৰীসকলৰ বাসভৱন, বাট-পথ নির্মাণ আদিকে ধৰি বিভিন্ন দিশত আলোচনা কৰা হয়। মুখ্যমন্ত্রীগৰাকীয়ে এই বৈঠকতে ডিব্ৰুগড়ত প্ৰস্তাৱিত অসম বিধানসভা ভৱন, বিধায়ক আৱাস আৰু নতুন আৱৰ্ত ভৱনৰ কামৰ অগ্ৰগতিৰ বুজ লয়। ইপিনে শিক্ষা বিভাগৰ বিভিন্ন আঁচনি পর্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত আয়ৰ প্ৰমাণপত্ৰৰ সলনি ৰেচন কাৰ্ড গন্য কৰা হ’ব। নিযুত মইনা আঁচনিৰ বাবে নতুন পুৰণি সকলো শিক্ষার্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি, প্রজ্ঞান ভাৰতী আঁচনি, ড০ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচি প্ৰগেম, চাহ বাগিচাৰ বিদ্যালয়সমূহ কাৰ্যক্ষম কৰা আৰু মহাবিদ্যালয়ৰ শিক্ষকৰ পদোন্নতিকে ধৰি বিভিন্ন বিষয় সম্পর্কত বিভাগীয় বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে৷

অধিক পঢ়ক

সকলো চাওক