ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চলিত মাহতে মন্ত্ৰীসভাৰ উপ-সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ‘ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি বিধানসভাত প্ৰকাশ কৰে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ উত্তৰত জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ পেগুৱে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে চলিত বাজেট অধিৱেশনৰ সামৰণিৰ পূৰ্বে সদনত প্ৰতিবেদন দাখিল কৰিব পৰাকৈ ইয়াক চূড়ান্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ আগেয়ে বিৰোধী দলপতি শ্ৰী শইকীয়াই ৰাজ্য চৰকাৰক এই বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰি অসমৰ স্বীকৃতিপ্রাপ্ত অনুসূচিত জনজাতিৰ লোকসকলে বর্তমানে লাভ কৰি থকা সা-সুবিধাসমূহত কোনো ধৰণে প্ৰভাৱ নেপেলোৱাকৈ মৰাণ, মটক, আহোম, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মর্যাদা প্রদান কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছিল। ডাঃ পেগুৱে এই সন্দৰ্ভত কয়, যে জনজাতিৰ মর্যাদা বিচৰা ছটা সম্প্ৰদায়ৰ প্রতিনিধিকে ধৰি বিভিন্ন পক্ষৰ সৈতে আলোচনা সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত সহমতত উপনীত হোৱাৰ প্ৰচেষ্টা চলোৱা হয় বুলিও মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | March 5, 2025 11:55 AM | Ranug pagu
চলিত মাহতে ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীসভাৰ উপ-সমিতিৰ প্ৰতিবেদন দাখিল
