March 17, 2025 7:33 PM

views 13

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্রক্রিয়া পুনৰ মুকলি

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বদলিকৰণৰ আবেদন প্রক্রিয়া পুনৰ মুকলি কৰে। সমগ্ৰ শিক্ষা অসমৰ কাহিলীপাৰা কাৰ্যালয়ত শিক্ষামন্ত্ৰীগৰাকীয়ে বদলিকৰণৰ বাবে পোৰ্টেলটো মুকলি কৰে। সেই অনুসৰি প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয় পৰ্যায়ৰ ইচ্ছুক শিক্ষক-শিক্ষয়িত্ৰীয়ে hrmsassam.in পোৰ্টেলযোগে বদলিৰ নিৰ্ধাৰিত নিয়ম অনুসৰি ৩০ এপ্রিল পর্যন্ত আবেদন কৰিব পাৰিব।

March 5, 2025 11:55 AM

views 16

চলিত মাহতে ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীসভাৰ উপ-সমিতিৰ প্ৰতিবেদন দাখিল

ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত চলিত মাহতে মন্ত্ৰীসভাৰ উপ-সমিতিৰ প্ৰতিবেদন দাখিল কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি বিধানসভাত প্ৰকাশ কৰে। বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱৰ উত্তৰত জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ পেগুৱে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে চলিত বাজেট অধিৱেশনৰ সামৰণিৰ পূৰ্বে সদনত প্ৰতিবেদন দাখিল কৰিব পৰাকৈ ইয়াক চূড়ান্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ আগেয়ে বিৰোধী দলপতি শ্ৰী শ‍ইকীয়াই ৰাজ্য চৰকাৰক এই বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰি অসমৰ স...