ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত অহা ৫ বছৰলৈ থাকিব উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী দুটাঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত থকা উচ্চতৰ মাধ্যমিক শাখাৰ শ্ৰেণী দুটা অহা ৫ বছৰ পৰ্যন্ত ৰখা হ’ব। এই সময়ছোৱাতে উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি একাদশ আৰু দ্বাদশ শ্রেণী সংযোজন কৰা হ’ব যাতে মহাবিদ্যালয়সমূহৰ পৰা এই শ্ৰেণী দুটা আঁতৰাই দিয়াৰ ফলত তাৎক্ষণিকভাৱে ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন নহয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঢকুৱাখনাত অনুষ্ঠিত অসম বিজ্ঞান সমিতিৰ ৫৫সংখ্যক ৰাজ্যিক অধিৱেশনত অংশ লৈ কালি এই কথা প্রকাশ কৰে। অধিৱেশনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসম বিজ্ঞান সমিতিয়ে ৰাজ্যখনত যোৱা সাতটা দশক ধৰি নিৰৱচ্ছিন্নভাৱে বিজ্ঞান শিক্ষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিজ্ঞান মনস্কতা গঢ় দিয়াৰ বাবে কৰি অহা কামৰ প্ৰশংসা কৰে। তেওঁ লগতে অনাগত সময়ত ৰাজ্য চৰকাৰৰ লগত সহযোগিতাৰে জৈৱ বৈচিত্ৰ্য ৰক্ষাকে ধৰি অন্যান্য কাম-কাজত সক্রিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে আয়ুষ মন্ত্ৰ্যালয়ৰ অৰুণাচল প্ৰদেশৰ পাচিঘাটত থকা নৰ্থ-ইষ্টার্ণ ইনষ্টিটিউট অৱ আয়ুর্বেদ এণ্ড ফ’ক মেডিচিন ৰিছাৰ্চৰ উদ্যোগত স্বাস্থ্য গৱেষণা অনুষ্ঠান আৰু মুগা শিল্প বিষয়ক আলোচনাচক্র অনুষ্ঠিত হয়। কালিৰ কাৰ্যসূচীত অধিৱেশন উপলক্ষে প্রকাশিত স্মাৰক গ্রন্থ বীক্ষণ উন্মোচন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।