April 6, 2025 12:22 PM

views 11

ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত অহা ৫ বছৰলৈ থাকিব উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী দুটাঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত থকা উচ্চতৰ মাধ্যমিক শাখাৰ শ্ৰেণী দুটা অহা ৫ বছৰ পৰ্যন্ত ৰখা হ'ব। এই সময়ছোৱাতে উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি একাদশ আৰু দ্বাদশ শ্রেণী সংযোজন কৰা হ'ব যাতে মহাবিদ্যালয়সমূহৰ পৰা এই শ্ৰেণী দুটা আঁতৰাই দিয়াৰ ফলত তাৎক্ষণিকভাৱে ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন নহয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঢকুৱাখনাত অনুষ্ঠিত অসম বিজ্ঞান সমিতিৰ ৫৫সংখ্যক ৰাজ্যিক অধিৱেশনত অংশ লৈ কালি এই কথা প্রকাশ কৰে। অধিৱেশনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসম বিজ...