ডাউনলোড
মোবাইল এপ

android apple
signal

August 13, 2025 9:18 PM | ranoj on iim ghy

printer

গুৱাহাটীত আই আই এম স্থাপনত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন; প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই জনোৱা অনুমোদনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাইছে।  

কেন্দ্রীয় মন্ত্রীসভাই গুৱাহাটীত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্ মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্রতিষ্ঠানটো উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ’ব। ইয়াৰ আগেয়ে শ্বিলঙত ২০০৭ চনত আই আই এম প্রতিষ্ঠা কৰা হৈছিল। এই প্রতিষ্ঠানটো নিৰ্মাণত ৫০০ কোটি টকাৰো অধিক ধন ব্যয় কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই পদক্ষেপে গুৱাহাটীত উত্তৰ-পূবৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। নতুনকৈ প্ৰতিষ্ঠা কৰিবলগীয়া আই আই এমে উত্তৰ-পূৰ্বাঞ্চলত ব্যৱস্থাপনা শিক্ষাৰ দিশত থকা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিষ্ঠানটোৱে উচ্চমানৰ শিক্ষা আৰু গৱেষণাৰ সুবিধাৰে শিক্ষাৰ্থীসকলক উপকৃত কৰাৰ লগতে উদ্যমিতা আৰু সামৰ্থ বৰ্ধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও আশা কৰা হৈছে।