July 14, 2025 7:56 PM | rabi kota

printer

কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন ড° ৰবি কোটাৰ

ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই চাৰিদিনীয়া বৰাক উপত্যকা ভ্রমণসূচীৰ আজি অন্তিম দিনা কাছাৰ জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্রকল্প পৰিদৰ্শন কৰে। তেওঁ কৃষক, শ্রমিক আৰু প্ৰশাসনৰ মাজত সমন্বয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্য সচিবগৰাকীয়ে আজি লক্ষীপুৰৰ মাৰ্কলিন আনাৰস বাগিচা পৰিদৰ্শন কৰে। তেওঁ আনাৰস খেতিয়কসকলৰ সৈতেও এই খেতিৰ সম্ভাৱনা আৰু সম্ভাৱ্য সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ এগ্র’ অর্গেনিক প্রডাক্ট কোম্পানী লিমিটেডৰ কাৰ্যালয়ত উপস্থিত হৈ কোম্পানীটোৰ পৰিচালনা কমিটী আৰু কৃষক প্রতিনিধিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। তেওঁ জিলা প্ৰশাসন আৰু কৃষি বিভাগক জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য আৰু জিলাসমূহৰ উৎপাদন এক গোট কৰি সুসংগঠিত প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য সচিবগৰাকীয়ে শিলচৰৰ সমীপৱৰ্তী লালবাগ অঞ্চল পৰিদৰ্শন কৰি প্ৰস্তাৱিত দলু গ্রীন ফিল্ড বিমান বন্দৰৰ পুনৰ্বাসন প্ৰকল্পৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত চাহ শ্রমিক পৰিয়ালৰ বাবে ১৭৩টা গৃহ নিৰ্মাণ কৰা হৈছে। এই প্রকল্পই তেওঁলোকৰ মৰ্যাদাপূর্ণ জীৱন নিশ্চিত কৰিব বুলি মুখ্য সচিবগৰাকীয়ে আশা প্রকাশ কৰে। তদুপৰি কাছাৰৰ আনাৰস খেতি আৰু কৃষি ভিত্তিক উদ্যোগৰ সম্ভাৱনাক সঠিক পৰিকল্পনাৰ জৰিয়তে সদ ব্যৱহাৰ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।