ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম বুলি কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত আন্তৰাষ্ট্ৰীয় সৌৰজোটৰ সভাৰ অষ্টম সত্ৰত অংশগ্ৰহণ কৰাৰ সময়ত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধানমন্ত্রী সূর্যঘৰ আঁচনিৰ অধীনত ঘৰৰ মুখচত ২১ লাখ সৌৰ শক্তি উৎপাদন গোট স্থাপন কৰা হৈছে আৰু প্রায় ৫০ শতাংশ জনসাধাৰণে বিদ্যুৎ মাচুলৰ পৰা মুক্তি লাভ কৰিছে। তেওঁ কয় যে প্রধানমন্ত্রী কুসুম আঁচনিৰ অধীনত খেতিয়কসকলে সৌৰ শক্তি উৎপাদন কৰিবলৈ লৈছে আৰু ৰাহি হোৱা সৌৰ শক্তি বিক্ৰীও কৰিছে। ভাবতে আন্তঃৰাষ্ট্ৰীয় সৌৰজোটৰ সভাত হোৱা আলোচনাকালত সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে নিজৰ অভিজ্ঞতা ভগাই লৈছে বুলি শ্রীযোশীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিশ্বত উৎপাদিত সৌৰ শক্তিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সৌৰ জোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৱদান ৪০ শতাংশৰ অধিক। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত আন্তৰাষ্ট্ৰীয় সৌৰ জোটৰ সঞ্চালক প্রধান আশীষ খান্নাই কয় যে ১২৫ খন দেশ আৰু ৫০ টাৰো অধিক সংস্থাৰ প্ৰতিনিধি আৰু মন্ত্ৰীয়ে এই সভাত ভাগ লৈছে।
Site Admin | October 28, 2025 8:36 PM | Solar Energy
ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম- প্রহ্লাদ যোশী