October 28, 2025 8:36 PM

views 62

ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম- প্রহ্লাদ যোশী

 ভাৰতৰ সৌৰ শক্তি উৎপাদন আৰ্হি বিশ্বৰ আটাইতকৈ সফল আৰ্হিসমূহৰ অন্যতম বুলি কেন্দ্রীয় নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত আন্তৰাষ্ট্ৰীয় সৌৰজোটৰ সভাৰ অষ্টম সত্ৰত অংশগ্ৰহণ কৰাৰ সময়ত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধানমন্ত্রী সূর্যঘৰ আঁচনিৰ অধীনত ঘৰৰ মুখচত ২১ লাখ সৌৰ শক্তি উৎপাদন গোট স্থাপন কৰা হৈছে আৰু প্রায় ৫০ শতাংশ জনসাধাৰণে বিদ্যুৎ মাচুলৰ পৰা মুক্তি লাভ কৰিছে। তেওঁ কয় যে প্রধানমন্ত্রী কুসুম আঁচনিৰ অধীন...

November 4, 2024 8:08 PM

views 64

চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ৯০ গিগাৱাট শক্তিসম্পন্ন সৌৰ ক্ষমতা স্থাপন কৰিছে আৰু ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তিসম্পন্ন নবীকৰণযোগ্য শক্তিক্ষমতা লাভ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। শ্রী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। স্বচ্ছ আৰু সেউজ শক্তিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে...

November 4, 2024 5:58 PM

views 60

ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাৰ্ট নবীকৰণযোগ্য শক্তি লাভ কৰাৰ লক্ষ্যৰে ৯০ গিগাৱাট সৌৰ শক্তি স্থাপন কৰিছে৷ শ্ৰী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭ দশমিক ৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে। তেওঁ লগতে কয় যে এইবছৰ বিশ্বৰ সৌৰ খণ্ডই প্ৰায় ২ টেৰাৱাট স্থাপন কৰা সৌৰ ফটোভল্টায়িক ক্ষমতা লাভ কৰিবলৈ সাজু হৈছে। উল্...

September 16, 2024 6:04 PM

views 40

সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰী মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই দেশক বিশ্বৰ ভিতৰতে শীৰ্ষৰ তিনিখন অৰ্থনীতিৰ ভিতৰৰ অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হৈ কাম কৰি আছে। প্রধানমন্ত্ৰীয়ে পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰো শুভাৰম্...