ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পেৰিছ পেৰালিম্পিকত ভাৰতীয় পেৰা এথলীট প্রীতি পালৰ মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন

■ পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতীয় পেৰা এথলীট প্রীতি পালে মহিলাৰ ২০০ মিটাৰ T-35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। এই জয়েৰে প্ৰীতিয়ে পেৰালিম্পিকছৰ ট্ৰেক এণ্ড ফীল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে অভিলেখ ৰছনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুর্মুৱে কয় যে, প্রীতিক লৈ সমগ্ৰ ভাৰত গৌৰাৱান্বিত ত্ৰিৰংগা পতাকা লৈ খেলুৱৈগৰাকীৰ বিজয়ৰ ছবিসমূহে ক্রীড়াপ্ৰেমীসকলক উৎসাহিত কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে।
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও এই সাফল্যৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁ প্ৰীতিৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ শলাগ লৈছে। যিয়ে তেওঁৰ এই ঐতিহাসিক বিজয়ত সহায় কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰীতিৰ এই ঐতিহাসিক জয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্ৰীয়ে কয় যে, দেশৰ বাবে তেওঁ হৈছে এটা অনুপ্ৰেৰণা। প্ৰীতিৰ একাগ্রতা সঁচাকৈয়ে উল্লেখযোগ্য বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে পেৰিছ পেৰালিম্পিকত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে কালি টেলিফোনেৰে কথা পাতে । এই বাৰ্তালাপৰ সময়ত শ্রীমোদীয়ে তেওঁলোকৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।