মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি, ক্ষমতা আহৰণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ আহ্বান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে দেশৰ নাৰী শক্তি আকাংক্ষা, উপলব্ধি আৰু অৱদানৰ বাবে আগবাঢ়ি গৈছে। ৰাষ্ট্ৰপতিয়ে মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু এই সপোন বাস্তৱায়িত কৰাৰ বাবে সাহস, শক্তি আৰু ক্ষমতা আহৰণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি কৰ্ণাটকৰ বেংগালুৰুত দা আৰ্ট অৱ লিভিং আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই অনুষ্ঠিত কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনত ভাষণ দি এইদৰে কয়। তেওঁ কয়, যে মহিলাসকল নিৰ্ভীক হোৱাৰ লগতে অভিলাসী লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব, বাধাসমূহ দূৰ কৰিব লাগিব আৰু কুসংস্কাৰক প্ৰত্যাহ্বান জনাব লাগিব। প্ৰতিগৰাকী মহিলাৰে মমতাৰ জৰিয়তে নেতৃত্ব দিয়াৰ বিশেষ ক্ষমতা আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, যে পৰিয়াল, সমাজ আৰু বিশ্বলৈ অৰিহণা যোগোৱাৰ ক্ষমতা অৰ্জন কৰিবলৈ মানসিক স্বাস্থ্য মৌলিক উপাদান। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয়, যে মাজে সময়ে সমাজৰ সাংস্কৃতিক নীতি-নিয়মে মহিলাসকলক তেওঁলোকৰ আৱেগ প্ৰকাশ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে।