January 2, 2026 11:58 AM | President

printer

দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

ভাৰত শীঘ্রেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতিভৱনত আয়োজিত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ- SOAR শীর্ষক এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা এক প্ৰকাৰৰ প্ৰযুক্তি নহয়, বৰং দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ সুযোগ।

শ্রীমতী মুর্মুৱে লগতে কয়, যে অনাগত দশকত দেশৰ মুঠ ঘৰুৱা উৎপাদন, নিয়োগ আৰু সামগ্রিক উৎপাদনশীলতাৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিব। তেওঁ লগতে ডাটা বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা অভিযান্ত্ৰীকিকৰণ, তথ্য বিশ্লেষণৰ দৰে দক্ষতাই দেশত কৃত্রিম বুদ্ধিমত্তা প্রতিভাৰ ভাণ্ডাৰ গঢ়ি তোলাত উল্লেখনীয় ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে।

ৰাষ্ট্ৰপতি মুৰ্মৱে কয়, যে ভাৰতৰ দৰে যুৱ ৰাষ্ট্ৰৰ বাবে কৃত্রিম বুদ্ধিমত্তা কেৱল প্রযুক্তি নহয়, বৰং ইতিবাচক পৰিৱৰ্তনৰ অপাৰ সুযোগ। তেওঁ লগতে কয়, যে বর্তমান কৃত্রিম বুদ্ধিতমত্তাৰ দ্রুত বিকাশ হৈছে আৰু এই প্রযুক্তি শিকি লোৱাটো সকলোৰে বাবে প্রয়োজনীয় হৈ উঠিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে বিভিন্নে প্রতিষ্ঠান, ঔদ্যোগিক অংশীদাৰ আৰু শিক্ষানুষ্ঠানৰ সহযোগত কেৱল প্রযুক্তিৰ উদ্ভাৱনতেই গুরুত্ব প্রদান কৰা নাই বৰং এটা ভবিষ্যতৰ আকাৰ দিয়াৰ ক্ষেত্ৰতো দায়বদ্ধতাৰে কাম কৰি আহিছে। এই অনুষ্ঠানত কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান আৰু কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা তথা শিক্ষা ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰীও উপস্থিত থাকে।