ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কৈছে যে বর্তমান সময়ত আমাৰ দেশে মুখামুখি হোৱা আৱৰ্জনা ব্যবস্থাপনা আৰু বহনক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰ লগতে প্রযুক্তিগত দক্ষতাৰো অতিকৈ প্রয়োজন। আজি ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান জমছেদপুৰৰ পঞ্চদশ সমাবর্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ ছাত্র-ছাত্রীসকলক প্রযুক্তিগত বিকাশক মানৱ কল্যানৰ হকে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। শিক্ষানুষ্ঠানসমূহক কেৱল ফলাফল তালিকাৰ উচ্চ স্থান আৰু সংস্থাপনৰ ভিত্তিতেই নহয় বৰং সমাজৰ প্ৰতি তেওঁলোকৰ অৱদানৰ ভিত্তিতো মূল্যাংকন কৰা উচিত।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে আজি জামছেদপুৰৰ কাৰাণ্ডি এলেকাত আয়োজিত অল চিকি লিপিৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে পৰম্পৰাগতভাৱে জাহেৰথানত পূজা অর্চনা কৰাৰ লগতে অল চিকি লিপিৰ প্ৰৱৰ্তক পণ্ডিত ৰঘুনাথ মুর্মুৰ প্ৰতিমূৰ্তিত মাল্যর্পন কৰি শ্রদ্ধা নিবেদন কৰে।
২২ সংখ্যক পার্চি মহা সন্থালী সম্মিলনত মাতৃভাষাত ভাষণ প্রদান কৰি শ্রীমতী মুৰ্মুৱে ভাৰতীয় সংবিধানখন সন্থালী ভাষাৰ অল চিকি লিপিত অনুবাদ কৰাৰ বাবে প্রশংসা কৰে। তেওঁ লগতে কয় যে অল চিকি লিপিত অনুবাদৰ সাধনসমূহ আৰু কৃত্রিম বুদ্ধিমত্তাৰ বিকাশ হলেও তেওঁ সুখী হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সন্থালী ভাষাত জাহেৰ আয়ো নেহোৰ গীতটি পৰিবেশন কৰে। ৰঘুনাথ মুর্মুৰ প্রচেষ্টাক প্রশংসা কৰি শ্রীমতী মুর্মুৱে কয়, যে পণ্ডিত ৰঘুনাথ মুর্মুৰ প্ৰচেষ্টাৰ বাবে অল চিকি লিপিৰ শতবার্ষিক উদযাপন সম্ভৱ হৈ উঠিছে। ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গংগাৱাৰ আৰু মুখ্যমন্ত্রী হেমন্ত চোৰেণেও সন্থালী ভাষা আৰু অল চিকি লিপিক বিশ্বব্যাপি স্বীকৃতি প্রদান কৰাৰ বাবে সৰ্বভাৰতীয় সন্থালী লেখক সন্থাৰ প্ৰচেষ্টাৰ শলাগ লয়।