ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আজি তামিলনাডুৰ ভেল্লুৰলৈ যাব। তাত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীপুৰম গ‘ল্ডেন মন্দিৰত পূজা অর্চনা আগবঢ়াব। ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰৰ পৰিসৰত ধ্যানৰ বাবে বিশেষ ঠাই মুকলি কৰাৰ লগতে এটা গছপুলিও ৰোপণ কৰিব। ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড০ এল মুৰুগানে ভেল্লুৰত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুক আদৰণি জনাব। কর্ণাটক, তামিলনাড়ু আৰু তেলেংগানাত কালিৰে পৰা অহা ২২ ডিচেম্বৰলৈ সপ্তাহজোৰা দাক্ষিণাত্য ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰপতিগৰাকী আজি ভেল্লুৰত উপস্থিত হ‘ব।
Site Admin | December 17, 2025 11:44 AM | President
সপ্তাহজোৰা দাক্ষিণাত্য ভ্ৰমণৰ অংশ হিচাপে আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু উপস্থিত হ’ব