December 11, 2025 11:24 AM | President

printer

দুদিনীয়া ভ্রমণসূচীৰে শ্রীমতী দ্রৌপদী মুর্মু আজি মণিপুৰলৈ ৰাওনা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আজি দুদিনীয়া ভ্রমণসূচীৰে মণিপুৰলৈ যাব। ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি আনুষ্ঠানিক আৰু উন্নয়নমূলক কার্যসূচীত অংশ ল’ব।

ৰাষ্ট্ৰপতিগৰাকী আজি ইম্ফলত উপস্থিত হোৱাৰ পাছতে তেওঁক পৰম্পৰাগতভাৱে সন্মান আৰু আদৰণি জনোৱা হ’ব। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুঙত এখন প্রদর্শনীমূলক পল’ খেল প্রত্যক্ষ কৰিব। বিয়লিৰ ভাগলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানার্থে মণিপুৰ চৰকাৰে ইম্ফলৰ চিটী কনভেন্সন চেণ্টাৰত আয়োজন কৰা অভ্যর্থনা অনুষ্ঠানত ভাগ ল’ব। আঞ্চলিক বিকাশৰ প্ৰতি থকা চৰকাৰৰ নিৰলস লক্ষ্যক প্রকাশ কৰিবলৈ তেওঁ ভ্রমণকালত বিভিন্ন আধাৰশিলা স্থাপন কৰাৰ লগতে ভালেকেইটা উন্নয়নমূলক প্রকল্প মুকলি কৰিব।

কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে ইম্ফলত থকা নুপি লাল স্মাৰক পৰিসৰ পৰিদৰ্শন কৰিব আৰু ৰাজ্যখনলৈ ঐতিহাসিক অবদান আগবঢ়োৱা সাহসী মহিলা যোদ্ধাসকলৰ প্ৰতি সন্মান যাঁচিব। ইয়াৰ পাছত তেওঁ সেনাপতিত এখন জনসভা সম্বোধন কৰিব আৰু জিলাখনৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ বিভিন্ন আধাৰশিলা স্থাপন কৰাৰ লগতে প্রকল্প মুকলি কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।