ভাৰতীয় নৌসেনাই থলুৱা প্ৰযুক্তিৰ উন্নতি অব্যাহত ৰখাৰ লগতে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যত অৰিহণা আগবঢ়াই যাব বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে মন্তব্য কৰিছে। নৌসেনা দিৱসৰ প্ৰাকক্ষণত তিৰুৱনন্তপুৰমত নৌসেনাৰ সঞ্চালন প্ৰদৰ্শনৰ অনুষ্ঠানত নিজৰ ভাষণত তেওঁ লগতে আলোকপাত কৰে যে, নৌসেনাই এতিয়া স্বদেশতে জটিল আৰ্হিৰ নির্মাণ সম্পন্ন কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে ‘সাগৰ দৃষ্টিভংগী’ৰ অধীনত গ্ৰহণ কৰা নতুন পদক্ষেপে সামুদ্রিক ক্ষেত্রত সজাগতা বৃদ্ধি, মানৱীয় সাহায্যৰ সামর্থ্য বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সম্প্ৰদায়ৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰিব।
ভাৰতে Blue Economyৰ সম্ভাৱনাক ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ অগ্রাধিকাৰ দিছে আৰু এই প্রচেষ্টাত নৌসেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। শ্রীমতী মুর্মুৱে নৌসেনাৰ দায়িত্ব পৰম্পৰাগত প্ৰতিৰক্ষাৰ উৰ্ধলৈ বিস্তৃত বুলিও মন্তব্য কৰে।
কালিৰ সামৰিক কলা প্রদর্শন কার্যসূচীত নৌসেনাৰ শক্তি আৰু যুদ্ধৰ বাবে প্রস্তুতি প্ৰদৰ্শন কৰা হয়, য’ত যুদ্ধ বিমান আৰু চোৰাংচোৱা হেলিকপ্টাৰকে ধৰি ১৯খন ডাঙৰ যুদ্ধজাহাজ আৰু ৩২খন বিমানে সামর্থ প্রদর্শন কৰে।