November 18, 2025 8:26 PM | President

printer

জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জলসুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান শ্রীমতী দ্রৌপদী মুর্মুৰ

জলবায়ু পৰিবৰ্তনে সাম্প্রতিক সময়ত জলচক্রত পেলোৱা প্ৰভাৱ সম্পর্কে উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে দেশৰ জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জল সুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে।

নতুন দিল্লীত আজি ষষ্ঠ ৰাষ্ট্ৰীয় জল বঁটা ২০২৪ আৰু প্ৰথম জল সঞ্চয় জনঅংশীদাৰী বঁটা প্ৰদান কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে সীমিত জল সম্পদৰ পৰিপ্ৰেক্ষিতত পানীৰ যথাযথ ব্যৱহাৰ দেশৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোৱা বছৰ আৰম্ভ কৰা পানী সংৰক্ষণ জন অংশগ্রহণ কাৰ্যসূচীৰ অধীনত ভূগৰ্ভৰ জলন্তৰ উন্নীত কৰাৰ বাবে ৩৫ লাখৰো অধিক পৰিকাথামো নির্মাণ কৰা হৈছে। তেওঁ লগতে পুৰস্কাৰ বিজেতাসকলক পানী সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। জলশক্তি মন্ত্রী চি আৰ পাটিল, জল সংৰক্ষণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভি চোমন্না আৰু ৰাজভূষণ চৌধুৰী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাওঁ পঞ্চায়ত, শ্রেষ্ঠ স্থানীয় নগৰ নিকায়, শ্রেষ্ঠ প্রতিষ্ঠান, শ্রেষ্ঠ বিদ্যালয় আৰু শ্রেষ্ঠ ব্যক্তিকে ধৰি দহটা শাখাত ৪৬ গৰাকী বিজেতাক পুৰস্কাৰ প্ৰদান কৰা হয়। মহাৰাষ্ট্ৰই শ্রেষ্ঠ ৰাজ্যৰ শাখাত প্ৰথম স্থান লাভ কৰে। গুজৰাট আৰু হাৰিয়ানাই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।