ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে তাৎক্ষণিক আৰু কঠোৰ পদক্ষেপ লোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট আই এছ এৰ সভাৰ অষ্টম সত্ৰত মূল ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্র বিশ্ব এই এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হৈছে। তেওঁ কয়, যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে ভাৰত প্ৰতিশ্রুতিবদ্ধ আৰু দেশখনে এই দিশত ইতিমধ্যে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। তেওঁ লগতে কয়, যে ভাৰত আৰু বিশ্বৰ সভ্যতাসমূহে পুৰণিকালৰে পৰা সূৰ্যক জীৱন আৰু শক্তিৰ মূল উৎস হিচাপে গণ্য কৰি আহিছে। চৰকাৰৰ সকলোৰে বাবে সৌৰ শক্তি উদ্যমৰ বিষয়ে আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে সূর্য আটাইৰে বাবে সহজলভ্য শক্তিৰ আটাইতকৈ গণতান্ত্রিক উৎস আৰু এই উৎস গৰাকীবিহীন বুলি থকা ধাৰণাৰ ভিত্তিতে এই উদ্যম গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয়, যে বৃহৎ পৰিসৰত সৌৰ শক্তিৰ উৎপাদনে শক্তিৰ ব্যৱহাৰৰ গণতান্ত্রিকীকৰণৰ পথ প্রশস্ত কৰিব আৰু ইয়াৰ ফলত নাগৰিকসকল নিকা সেউজ আৰু পক্ষপাতহীন পৃথিবী গঢ়াৰ প্ৰক্ৰিয়াত সক্রিয় অংশগ্রহণকাৰী হ’ব পাৰিব।
Site Admin | October 28, 2025 8:35 PM | President
জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ লোৱাত গুৰুত্ব আৰোপ শ্রীমতী দ্রৌপদী মুর্মুৰ