ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 26, 2025 1:35 PM | President

printer

ৰাষ্ট্ৰপতি ভৱন আজি সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান কৰে। ৰাষ্ট্রীয় ভূ-বিজ্ঞান বঁটা দেশৰ পুৰণি আৰু সন্মানীয় বঁটাসমূহৰ ভিতৰত অন্যতম। ভূ-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব আৰু অৱদান আগবঢ়োৱাৰ বাবে ব্যক্তিগত আৰু দলীয়ভাৱে এই সন্মান আগবঢ়োৱা হয়। খনি মন্ত্ৰ্যালয়ে প্ৰত্যেক বছৰে তিনিটা শাখাত এই বঁটাসমূহ প্ৰদান কৰে। এই বঁটাসমূহ হৈছে – আজীৱন কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা আৰু ৰাষ্ট্ৰীয় যুৱ ভূ-বিজ্ঞানী বঁটা। অনুষ্ঠানত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু ৰাজ্য মন্ত্ৰী সতীশ চন্দ্র ডুবেও উপস্থিত থাকিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।