ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2025 8:30 PM | President

printer

স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া সমগ্ৰ দেশবাসীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা জ্ঞাপন

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস প্ৰতিগৰাকী ভাৰতীয়ই উৎসাহ-উদ্দীপনাৰে পালন কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। এই বিশেষ দিনকেইটাই আমাক ভাৰতীয় হোৱাৰ গৌৰৱক সোঁৱৰাই দিয়ে। স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সমগ্র দেশবাসীক শুভেচ্ছা জনাই এইদৰে প্ৰকাশ কৰে। ১৫ আগষ্টৰ দিনটোৰ বহু স্মৃতি আমাৰ মনত গভীৰভাৱে শিপাই আছে বুলি উল্লেখ কৰি শ্ৰীমতী মুমুৱে কয়, যে ঔপনিৱেশিক শাসনৰ দীঘলীয়া সময়ছোৱাত অনেক প্ৰজন্মই স্বাধীনতাৰ সপোন দেখিছিল। তেওঁলোকৰ এই আশাৰ মনোভাবে স্বাধীনতাৰ পৰৱৰ্তী সময়ত দেশৰ প্ৰগতিত শক্তি যোগাই আহিছে। শ্রীমতী মুর্মুরে কয়, যে কাইলৈ ত্ৰিৰংগ পতাকাক সন্মান জনোৱাৰ সময়ত ৭৮ বছৰ পূৰ্বে ভাৰতৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া সকলো স্বাধীনতা যুঁজাৰুৰ স্মৃতিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হব।

ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ বিভাজনৰ সময়ৰ যন্ত্ৰণাৰ কথা পাহৰি যোৱা উচিত নহয বুলি উল্লেখ কৰি সমগ্র দেশতে আজি বিভাজন বিভিষিকা স্মৃতি দিৱস পালন কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে আমাৰ সংবিধানত গণতন্ত্ৰক সুদৃঢ় কৰি ৰখা চাৰিটা স্তম্ভ বা প্ৰমূল্য আছে আৰু এইকেইটা হৈছে ন্যায়, স্বতন্ত্রতা, সমতা আৰু ভাতৃত্ববোধ। তেওঁ কয়, যে এই প্ৰমূল্যসমূহ হৈছে আমাৰ সভ্যতাৰ এনে সিদ্ধান্ত যিসমূহ স্বাধীনতা সংগ্ৰামৰ সময়ত পুনৰ জীৱন্ত কৰি তোলা হৈছিল। প্ৰতিগৰাকী ব্যক্তিয়েই সমান আৰু সকলোৱে সৌহাদ্যপূৰ্ণ ব্যৱহাৰ পোৱাটো তেওঁলোকৰ অধিকাৰ বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয়, যে স্বাস্থ্য সেৱাৰ পৰা শিক্ষালৈকে সকলোৱে সমান সুযোগ আৰু সুবিধা লাভ কৰা উচিত। এই সিদ্ধান্তসমূহক সর্বোপৰি বুলি গ্ৰহণ কৰিয়েই ১৯৪৭ চনত এটা নতুন যাত্ৰা আৰম্ভ কৰা হৈছিল বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
       
শ্রীমতী মুর্মুৱে অর্থনৈতিক ক্ষেত্ৰত দেশৰ সফলতাসমূহৰ কথা উল্লেখ কৰি কয়, যে বিগত বিত্তীয় বৰ্ষত ছয় দশমিক পাঁচ শতাংশ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰেৰে ভাৰত বিশ্বৰ মুখ্য অর্থ ব্যৱস্থাসমূহৰ ভিতৰত দ্ৰুত বিকশিত দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয়, যে গোলকীয় অর্থ ব্যৱস্থাত থকা সমস্যাসমূহৰ স্বত্বেও ঘৰুৱা চাহিদাৰ দ্ৰুত বৃদ্ধিৰ গতি অব্যাহত আছে। তেওঁ লগতে মুদ্রাস্ফীতি নিয়ন্ত্ৰণত আছে আৰু ৰপ্তানি বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।
ৰাষ্ট্ৰীপতিগৰাকীয়ে কয়, যে সুশাসনৰ জৰিয়তে বহুসংখ্যক লোকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰা হৈছে। চৰকাৰে দুখীয়া লোকসকলৰ উপৰি দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অহাৰ পাছতো শক্তিশালী স্থিতি লাভ নকৰা লোকসকলৰ বাবেও বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই কল্যাণকামী প্রয়াস সমাজসেৱাৰ ক্ষেত্ৰত বৰ্ধিত ব্যয়ত পৰিলক্ষিত হৈছে আৰু ইয়াৰ ফলত উপাৰ্জনৰ অসমতা হ্ৰাস পোৱাৰ লগতে আঞ্চলিক বৈষম্যও হ্ৰাস পাইছে। ভাৰতমালা আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু সুদৃঢ়কৰণৰ ব্যৱস্থা কৰা হৈছে বুলি শ্ৰীমতী মুৰ্মুৱে এই ক্ষেত্ৰত কাশ্মীৰ উপত্যকাত ৰেল যোগাযোগ ব্যৱস্থাৰ শুভাৰম্ভ এটা উল্লেখনীয় সাফল্য বুলি মন্তব্য কৰে। ইপিনে স্বাস্থ্যখণ্ডৰ সফলতা সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰকীয়ে কয়, যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সেৱা আঁচনি আয়ুষ্মণ ভাৰতৰ অধীনত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত ইতিমধ্যে ৫৫ কোটিৰো অধিক লোকক সামৰি লোৱা হৈছে। শ্ৰীমতী মুমুৱে কয়, যে চৰকাৰে ৭০ বছৰ বা তাতোধিক বয়সৰ জ্যেষ্ঠ নাগৰিকক এই যোজনাৰ সুবিধা প্ৰদান কৰিছে। তেওঁ কৃত্রিম বুদ্ধিমত্তাক উন্নত প্রযুক্তিৰ পৰৱৰ্তী পৰ্যায় বুলি উল্লেখ কৰি চৰকাৰে দেশৰ কৃত্রিম বুদ্ধিমত্তাৰ সামৰ্থ বৃদ্ধিৰ বাবে ইণ্ডিয়া- এ আই অভিযান আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত ভাৰতক গোলকীয় কৃত্রিম বুদ্ধিমত্তাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আকাংশা পুৰণৰ দিশত সাধাৰণ লোকৰ বাবে প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ আৰু শাসন ব্যৱস্থাৰ সংস্কাৰৰ জৰিয়তে তেওঁলোকৰ জীৱন উন্নত কৰাত গুৰুত্ব দিব লাগিব।

ৰাষ্ট্ৰপতি মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া সকলোকে পৰিৱেশ সুৰক্ষাৰ বাবে যথাসম্ভৱ প্ৰয়াস কৰিবলৈ আহ্বান জনায়। দেশৰ সীমান্তৰ সুৰক্ষাত ব্ৰতী হৈ থকা সৈনিক, আৰক্ষী তথা কেন্দ্ৰীয় সশস্ত্র বাহিনীৰ লোকসকলক বিশেষ গুৰুত্ব দি ৰাষ্ট্ৰপতিয়ে ন্যায় পালিকা আৰু অসামৰিক সেৱাৰ সদস্যসকলকো স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে। তেওঁ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসত কৰ্মৰত বিষয়া তথা প্রবাসী ভাৰতীয়সকলকো স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক